close
Rupaliparda.com
"কুহি" সংবাদ --উৎপল মেনা 1

“কুহি” সংবাদ –উৎপল মেনা

"কুহি" সংবাদ --উৎপল মেনা 2চিনেমা খনৰ নাম– ‘কুহিঁ’। কুঁহি চিনেমা খনৰ নায়িকা। কেন্দ্ৰীয় চৰিত্ৰ। সৰল মনৰ কুঁহিয়ে নিজ, নিকা বাটে খোজ কাঢ়ি ভাল পায়। পৰিচালক-লেখকে কুঁহি কেন্দ্ৰিক এটা ত্ৰিকোণীয় প্ৰেমৰ গল্প নিৰ্মাণ কৰিছে। নায়িকাৰ বিপৰীতে দুই চৰিত্ৰ– এজন হিন্দু (নায়ক), আনজন মুছলমান (খলনায়ক!)। প্ৰেম কেন্দ্ৰিক সংঘাত। সংঘাত ‘ধৰ্ম’লৈ বিয়পাই। চহৰৰ দাঁতি কাষৰীয়া (এখন হিন্দু, আনখন মুছলমানৰ) দুখন গাঁৱৰ সম্প্ৰীতিত ফাট মেলে। দুখন গাঁৱৰ এখন বিহু দুখন হয়। খলনায়কৰ দুৰ্ঘটনা হয়। তেজৰ প্ৰয়োজন হয়। কুঁহিয়ে তেজ দিয়ে। শেষত মিলন।

"কুহি" সংবাদ --উৎপল মেনা 3–চিনেমা খনৰ পৰিচালক লর্ড দাস। অভিনয় কৰিছে চেতনা দাস, ভার্গব কটকী, পার্থিব প্রিয়ানুজ, ৰূপম শৰ্মা, পীয়া বৰুৱা, মুন বৰা, আদিপ্রিয়া বনিয়া, চন্দ্রামিকা শর্মা, লিপিকা, উপাসনা ভৰদ্বাজ, নিপম কলিতা, আশুতোষ ৰাজ প্রীতম, আৰক্ষী বিষয়া গৰ্গেশ্বৰ দাস, ভবেন্দ্ৰ দেৱ গোস্বামী, মন ময়ুৰী শইকীয়া, মামণি দাস, ড° নিখিলেশ বৰুৱা, দীক্ষিতা আদিয়ে।

"কুহি" সংবাদ --উৎপল মেনা 4চিনেমা খনৰ– সংগীত পৰিচালনা মানস (মিকু), আবহ সংগীত কবীন্দ্ৰ দাস সহযোগী উদ্দিপ্ত শর্মা, সম্পাদনা ৰিতুৰঞ্জন হাতিমুৰীয়াৰ, চিত্ৰগ্ৰহণ প্রসেনজিৎ আৰু অমৰৰ। ৰৃপালী গল্পটোত ব্যৱহাৰ হোৱা গীত কেইটাত কণ্ঠদান কৰিছে ৰক্তিম দত্ত, দীক্ষিতা দাস, গীতিকাৰ সুৰজিত শৰ্মাই। প্ৰযোজনা কৰিছে ড° নিখিলেশ বৰুৱাই। সহ-প্রযোজক গকুল বনিয়া।

BERJAYA

Utpal Mena

Add comment

Leave a Reply